পৰিচয়
স্মিছিং হৈছে 'ফিছিং'ৰ আন এক প্ৰকাৰ, য'ত ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত/বিত্তীয় তথ্য সংগ্ৰহ কৰাৰ প্ৰচেষ্টাত, বিত্তীয় প্ৰৱঞ্চনা কৰাৰ বাবে চমু সেৱা বাৰ্তা (এছএমএছ) বা টেক্স বাৰ্তা ব্যৱহাৰ কৰা হয়। ইয়াত অধিক সঘনাই টেক্স বাৰ্তাবোৰ স্পুফ কৰা হয়, যাৰ ফলত সেইবোৰ প্ৰামাণিক উৎসৰ পৰা দেখা যায়। ব্যৱহাৰকাৰীসকলে প্ৰৱঞ্চনামূলক মালৱেৰ সংক্ৰমিত লিংকও প্ৰাপ্ত কৰিব পাৰে যি বৈধ এপ্প বা লিংক এটাৰ দৰে দেখাত হয়, যি ব্যৱহাৰকাৰীসকলক তথ্য সংগ্ৰহৰ বাবে ভুৱা ছাইটৰ লিংকত ক্লিক কৰাব পাৰে।
স্মিচিংয়ে কেনেদৰে কাম কৰে – মোডাছ অপাৰেণ্ডি
- ব্যৱহাৰকাৰীয়ে অফাৰ / উপহাৰ/পুৰষ্কাৰৰ লিংক/ পোষ্টৰৰ ৰূপত বাৰ্তা প্ৰাপ্ত কৰে।
- ব্যৱহাৰকাৰীক সন্দেহজনক ছাইট/লিংকলৈ পুনঃনিৰ্দেশিত কৰে
- ব্যৱহাৰকাৰীক ব্যক্তিগত তথ্য প্ৰদান কৰিবলৈ /লিংক/ডাউনলোড চফ্টৱেৰত ক্লিক কৰিবলৈ অনুৰোধ কৰে
- ফলত ডাটা লিক, মালৱেৰ/ভাইৰাছ আক্ৰমণ, আৰু চাইবাৰ প্ৰৱঞ্চনা হয়।